Assamese Songs Lyrics

A premier Blog for Assamese Songs Lyrics

Wednesday, January 27, 2021

Gupute Gupute | Pakhi | Zubin Garg | Assamese Song Lyrics

Song:- Gupute Gupute (গুপুতে গুপুতে)
Singer- Zubin Garg (জুবিন গাৰ্গ)
Album- Pakhi (পাখি)

গুপুতে গুপুতে অকলে এৰি থৈ
ক'তেনো থাকাগৈ তুমি
হিয়াৰে কোণতে অশ্ৰু বগৰে
এতিয়া নীৰৱ নৈ তুমি ৷
জ্বলি জ্বলি জীৱনত
পুৰি পুৰি সপোনক
এতিয়া এন্ধাৰকে ল'লা সাৱটি
চকু মেলা সাৰ পোৱা মোলে' চোৱা 
আকৌ এবাৰ কথা কোৱা মোৰ হোৱা
চেচাঁ চেচাঁ আঙুলি এয়াতো নহয় তুমি 
গধুূূূূলি গোলাপ মোৰ শুই থকা জননী 
নতুন ফাগুন মোৰ হেৰোৱা সপোন  মোৰ
তোমাৰেই পাৰিজাত তোমাকে সামৰি ৷

গুপুতে গুপুতে অকলে এৰি থৈ
ক'তেনো থাকাগৈ তুমি
হিয়াৰে কোণতে অশ্ৰু বগৰে
এতিয়া নীৰৱ নৈ তুমি ৷


আজিও শিশু মই গোৱা তুমি সেই গান
এখুজি দুখুজি হাত ধৰি ধৰি
চকু মুদি তুমি চকু নেমেলিলা
নাচালা মোলে' নিদিলা সঁহাৰি ৷৷

গুপুতে গুপুতে অকলে এৰি থৈ
ক'তেনো থাকাগৈ তুমি
হিয়াৰে কোণতে অশ্ৰু বগৰে
এতিয়া নীৰৱ নৈ তুমি ৷
জ্বলি জ্বলি জীৱনত
পুৰি পুৰি সপোনক
এতিয়া এন্ধাৰকে ল'লা সাৱটি
চকু মেলা সাৰ পোৱা মোলে' চোৱা 
আকৌ এবাৰ কথা কোৱা মোৰ হোৱা
উঠা জাগা সাৰ পোৱা কথা কোৱা
আকৌ এবাৰ মাত দিয়া মোক চোৱা৷

No comments:

Post a Comment