বিস্তীর্ণ পাৰৰে
বিস্তীর্ণ পাৰৰে
অসংখ্য জনৰে
হাহাকাৰ শুনিও
নিশব্দে নীৰৱে
বুঢ়া লুইত তুমি
বুঢ়া লুইত বােৱা কিয় ?
নৈতিকতাৰ স্খলন দেখিও
মানৱতাৰ পতন দেখিও
নির্লজ অলসভাৱে বােৱা কিয় ? জ্ঞানবিহীন নিৰক্ষৰৰ
খাদ্যবিহীন নাগৰিকৰ
নেতৃত্ববিহীনতাত নিমাত কিয় ?
সহস্র বাৰিষাৰ
উন্মাদনাৰ
অভিজ্ঞতাৰে
পংগু মানৱক
সবল সংগ্রামী
আৰু অগ্রগামী
কৰি নােতােলাঁ কিয় ?
ব্যক্তি যদি ব্যক্তিকেন্দ্রিক
সমষ্টি যদি ব্যক্তিত্বৰহিত
তেনে শিথিল সমাজক নাভাঙা কিয় ? তুমি যদি ব্রহ্মৰে পুত্র
সেই পিতৃত্ব তেনে নাম মাত্র
নহ'লে প্রেৰণা নিদিয়া কিয় ?
উন্মত্ত ধৰাৰে
কুৰুক্ষেত্ৰৰে
শশয্যাকে
আলিংগন কৰা
ভীষ্মৰূপী
অজস্ৰ বীৰক
জগাই নােতােলা কি?
No comments:
Post a Comment