কত জোৱানৰ মৃত্যু হ'ল
কত জোৱানৰ মৃত্যু হ’ল
কাৰ জীৱন যৌৱন গ'ল।
সেই মৃত্যু অপৰাজেয়
তেনে মৃতক নহলাে মই কিয়?
হেনাে হিমালয় ভাৰতৰ প্ৰহৰী
তাহানি শুনিছিলোঁ কাহিনী
পিচে মৃত জোৱানসৱে চিঞৰিছে—
“লাগে চিৰজাগ্রত এটি বাহিনী।”
আজি কামেং সীমান্ত দেখিলোঁ
দেখি শত্ৰুৰ পশুত্ব চিনিলো,
আৰু মৃত মৌন শত জোৱানলে’
মােৰ অশ্ৰু-অঞ্জলি যাচিলোঁ।।
কত পিতৃ পুত্ৰহাৰ হ’ল
কোন মাতৃৰ বুকু শুদা হ’ল ৰঙা সেন্দুৰ কাৰ মচা গ’ল
কাৰ বাসনা অপূর্ণ ৰ’ল।। প্রতি জোৱানৰক্তৰে বিন্দু
হ’ল সাহসৰ অনন্ত সিন্ধু সেই সাহসৰ দুর্জেয় লহৰে যাচিলাে প্রতিজ্ঞা জয়ৰে।। আজি কামেং সীমান্ত দেখিলোঁ
দেখি শত্ৰুৰ পশুত্ব চিনিলোঁ আৰু মৃত মৌন শত জোৱানলে’
মােৰ অশ্ৰু-অঞ্জলি যাচিলোঁ।।
No comments:
Post a Comment