মই যেন আজীৱন
-কথা -
মই যেন আজীৱন উৰণীয়া মৌ
জিৰাবৰ নাই তৰু-তৃণ।
- গীত -
মই যেন আজীৱন উৰণীয়া মৌ
জিৰাবৰ নাই তৰু-তৃণ।
জিৰণীয়া মৌ দেখি
ভাবে একেদিন
মই কিয় ঠিকনাবিহীন।
ঠিকনাবিহীন।
কত ৰস চুহিলোঁ অভিজাত কুসুমৰ বনফুলে যাচিলে ভঁৰাল ৰসৰ
তিতা ৰসাে গােটালোঁ মিঠা বুলি
তােমাৰ ৰূপৰ ৰস তুলনাবিহীন।
তুলনাবিহীন।।
মই বাৰু উৰণীয়া মৌৱেই হলাে
মােৰ জানাে জিৰাবৰ নাই অধিকাৰ ?
জিৰণি লওঁ যদি তােমাৰ তৃণত
নেজানাে ক্ষতি কি হয় কাৰােবাৰ।
এদিন কৈছিলোঁ মােৰ হ’বা শেষ ঠিকনা
সঁচা নকৰিলা সেই কল্পনা
সঞ্চিত মৌ ধৰাত ছটিয়াই
উৰি উৰি হৈ যাম জ্যোতিতে বিলীন। জ্যোতিতে বিলীন।।
No comments:
Post a Comment