Assamese Songs Lyrics

A premier Blog for Assamese Songs Lyrics

Wednesday, March 05, 2025

SEROJUGAMIYA DHOU TULI | চিৰযুগমীয়া ঢৌ তুলি | ASSAMESE SONGS LYRICS

 


চিৰযুগমীয়া ঢৌ তুলি

চিৰযুগমীয়া ঢৌ তুলি ঢৌ তুলি
চিৰ নতুন পানচৈ উটি যায়।
জিলমিলীয়া ঢৌ তুলি টৌ তুলি
সময়-নদীত পট আঁকি আঁকি যায়।
অণু-পৰমাণু হৈ কাৰ আশা-ৰেণু উৰে
আজি উৰে?

অ' অ' অ' মােৰ মন গীতিকাৰ
চোৱাহি চোৱাহি
হৃদয় বিলাই কোন যায়।

জিমিলীয়া টৌ তুলি ঢৌ তুলি ঢৌ তুলি
পদুম সুৰৰ পানচৈ উটি যায়
অণু-পৰমাণু হৈ কাৰ আশা-ৰেণু উৰে
আজি উৰে?

উজনি পানীতে, মৰমী সোঁততে
চিত্রলেখীয়া চিৰসেন্দুৰৰ
হংসকাপেৰে বুৰঞ্জী লিখে
অ' অ' অ' মােৰ মন সুৰকাৰৰ

গােৱাহি গােৱাহি
সুৰৰ আজি সীমা নাই।।

No comments:

Post a Comment