Assamese Songs Lyrics

A premier Blog for Assamese Songs Lyrics

Friday, August 24, 2018

ANDHA AKAKH (Mukti) | ZUBEEN | JONKI | MUKTI | Assamese Song Lyrics

assamese song lyrics,lyrics,assamese,assamese song,assamese music,assamese lyrics,assamese gospel song lyrics,assamese songs,assamese video song,assamese christian song lyrics,assamese lyrics video,assamese gospel song lyrics video,assamese lyrical,assamese theater songs,zubeen garg assamese songs,assamese lyrical video,assamese video music,assamese new song,old assamese song,assamese song 2018,assamese album song

Song- Andha Akakh (Mukti)
Singer- Zubben Garg & Jonki Barthakur
Album- Mukti
অন্ধ আকাশ ক্ৰুদ্ধ বতাহ
ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনাক
অন্ধ মনৰ বন্ধ কোঠাত
হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ
মুকুতি আজি দেখো 
দিশহাৰা হৈ ৰয়
দিশে দিশে চলে মাথো
মৃত্যুৰ ৰথ
মৃত্যু এতিয়া সহজ
মৃত্যু এতিয়া উচৱ
মৃত্যু যদি শিল্প হয়
মৃত্যু কিদৰে সুলভ
মৃত্যু এতিয়া সহজ


অন্ধ শাসন ভণ্ড শাসক
অৰ্থ লোভৰ নগ্ন যুঁজত
অন্ধ শাসন ভণ্ড শাসক
অৰ্থ লোভৰ নগ্ন যুঁজত
জীৱন মৰণৰ স্বপ্ন বাহক
মগ্ন বিভোৰ অন্ধ সুখত
ক্লান্ত জীৱন আজি
ক্লান্ত দিঠক আজি
ক্লান্ত জীৱন আজি
ক্লান্ত দিঠক আজি
দুচকুত ভাহে মাথোঁ
শান্তিৰ শুভ্ৰ ৰথ
মুকুতিৰ শুদ্ধ পথ


মুক্ত হোৱাৰ সপোন দেখি
পশু হোৱাত কিমান বাকী
জীৱন দিয়াৰ ক্ষমতানো কাৰ
জীৱন লোৱাৰ ক্ষমতা অপাৰ
জন্ম লোৱাৰ অৰ্থ বিশাল
অৰ্থ নৰ'ল হ'ল মহাকাল
শিশুৰ মুখৰ হাঁহি
কেতিয়াকে ঘুৰি আহি
শিশুৰ মুখৰ হাঁহি
কেতিয়াকে ঘুৰি আহি
আদৰিব নৱ প্ৰভাতক
শান্তিৰ সুৰুযক 
মুকুতিৰ সুৰুযক


মুক্ত আকাশ শান্ত বতাহ
কবিতাৰ ৰাতিৰ স্নিগ্ধ জোনাক
শুদ্ধ মনৰ মুক্ত কোঠাত 
মানৱ প্ৰেমৰ মুৰ্ত প্ৰকাশ
মুকুতি আজি আহি দুচকুত সাৰে ৰয়
বুকুৱে বুকুৱে বয় শান্তিৰ ঢল
মুকুতি এতিয়া হাতত
মুকুতি এতিয়া প্ৰাণত
মুকুতি এতিয়া নিজৰ
মকুতি এতিয়া হাতত
মুকুতি এতিয়া প্ৰাণত
মুকুতি এতিয়া নিজৰ

No comments:

Post a Comment