Assamese Songs Lyrics

A premier Blog for Assamese Songs Lyrics

Friday, August 24, 2018

Tumi Sua Jatia (তুমি চোৱা যেতিয়া) | Zubeen Garg | Assamese Song Lyrics

assamese song lyrics,lyrics,assamese,assamese song,assamese music,assamese lyrics,assamese gospel song lyrics,assamese songs,assamese video song,assamese christian song lyrics,assamese lyrics video,assamese gospel song lyrics video,assamese lyrical,assamese theater songs,zubeen garg assamese songs,assamese lyrical video,assamese video music,assamese new song,old assamese song,assamese song 2018,assamese album song

Song- Tumi Sua Jatia
Singer-Zubeen Garg
তুমি চোৱা যেতিয়া দুচকু তুলি
মোৰ আকাশ ভাঙি নামে বিজুলি
ৰ‘দে হাঁহে ফুল ফুলে কথা  ক'লে
তুনি চুলেই যে বসন্ত
ধুমুহাও যে প্ৰশান্ত
তোমাৰ মাজতে দিগন্ত 
সৃষ্টিৰ অপৰূপ অনন্ত

মেঘালী চুলিটাৰিত
ঢৌ খেলে ৰ'দালি
হাঁহিতে মিচিকনি
সোনাৰুৰে পাঁহি
সজল সজল চাৱনি
তৰাৰে জিলিকনি
সেন্দুৰীয়া ওঁঠতে
কথাৰে নিচুকনি
বুকুৰে মাজতে দেখো জাগে সপোন
চকুৰ পঁতাত আকি তোমাক চিকুন
বুকুৰে মাজতে দেখো জাগে সপোন
চকুৰ পঁতাত আকি তোমাক চিকুন
তোমাৰ মৰমত
জ্বলি ৰ'ম সকলো হেৰুৱাই

তুমি চোৱা যেতিয়া দুচকু তুলি
মোৰ আকাশ ভাঙি নামে বিজুলি
ৰ‘দে হাঁহে ফুল ফুলে কথা  ক'লে
তুনি চুলেই যে বসন্ত
ধুমুহাও যে প্ৰশান্ত
তোমাৰ মাজতে দিগন্ত 
সৃষ্টিৰ অপৰূপ অনন্ত

পুৱা দুচকু মেলি
এপল দুপল আবেলি
নিজম নিজম গধুলি
তোমাকেই আশা পালি
নিয়ৰ সনা শেৱালি
ভৰি আছে পদুলি
তুমি গৰকি গলেই
সিও হ'ব সোনালী
এখোজ দুখোজ তুমি নিচেই কাষত
উলাহে নধৰা হাঁহি বুকুৰ মাজত
এখোজ দুখোজ তুমি নিচেই কাষত
উলাহে নধৰা হাঁহি বুকুৰ মাজত
এতিয়া দুৰ আকাশ
পৰেহি দুবাহুত পিচলি

তুমি চোৱা যেতিয়া দুচকু তুলি
মোৰ আকাশ ভাঙি নামে বিজুলি
ৰ‘দে হাঁহে ফুল ফুলে কথা  ক'লে
তুনি চুলেই যে বসন্ত
ধুমুহাও যে প্ৰশান্ত
তোমাৰ মাজতে দিগন্ত 
সৃষ্টিৰ অপৰূপ অনন্ত




No comments:

Post a Comment