Assamese Songs Lyrics

A premier Blog for Assamese Songs Lyrics

Wednesday, September 05, 2018

Bandhoi Oi | (বান্ধৈ ঐ) | Zubeen Garg | Assamese songs Lyrics

Song :- Bandhoi Oi (বান্ধৈ ঐ)
Singer:- Zubeen Garg

বান্ধৈ ঐ
হুৱা দুৱা লাগিলে
তেওঁ ইটো মুৰত
মই সিটো মুৰত
প্ৰেম সৰে বুকু বিন্ধিলে
বান্ধৈ ঐ কি কম নো তহঁতক
মেৰিয়াই মেৰিয়াই 
বান্ধিলে আহি তেওঁ
পিৰিতিৰ পঘাৰে মোক



সপোনে বুৰুৱা নয়ন
হাহিৰে ওপচা প্ৰাণ
সুখে উজলোৱা জোন
জীৱনে আনি দিৱ
সপোনে বুৰুৱা নয়ন
হাহিৰে ওপচা প্ৰাণ
সুখে উজলোৱা জোন
জীৱনে আনি দিৱ
ভাগৰে কপোৱা দেহা
তেওঁৰ কোলাতে শুৱ
অনুৰাগী কথাৰে মোৰ
বুকু জুৰাৱ
বান্ধৈ ঐ কি কম নো তহঁতক
মেৰিয়াই মেৰিয়াই 
বান্ধিলে আহি তেওঁ
পিৰিতিৰ পঘাৰে মোক



আশা বোৰে উৰি উৰি
সময়ৰে সতে মিলি
মনে বিচৰা ৰঙৰে
ৰামধেনু আকিব
আশা বোৰে উৰি উৰি
সময়ৰে সতে মিলি
মনে বিচৰা ৰঙৰে
ৰামধেনু আকিব
খোজতে প্ৰীয়াৰে খোজ
হাততে প্ৰীয়াৰে হাত
সক্ষীয়তি সময় ও 
কাষৰতে ৰব

বান্ধৈ ঐ কি কম নো তহঁতক
মেৰিয়াই মেৰিয়াই 
বান্ধিলে আহি তেওঁ
পিৰিতিৰ পঘাৰে মোক


বান্ধৈ ঐ কি কম নো তহঁতক
মেৰিয়াই মেৰিয়াই 
বান্ধিলে আহি তেওঁ
পিৰিতিৰ পঘাৰে মোক

No comments:

Post a Comment