Assamese Songs Lyrics

A premier Blog for Assamese Songs Lyrics

Sunday, August 11, 2024

Konmani Prithibi Lyrics | BIDURBHAI Movie | Pranoy Dutta | Sameer Shekhar | Assamese Songs Lyrics | 2024



Song: Konmani Prithibi Singer: Pranoy Dutta Lyrics: Sameer Shekhar Composer: Pranoy Dutta Music : Pranoy Dutta Mix & Mastering: Pranoy Dutta Additional programmer: Kaayaan, Wrisheeraj gogoi Flute: Bhaskar kondoli Guitar-Writuraj gogoi Music Label: Rootstock Entertainments

কনমানি পৃথিৱী


উমলিছে উলাহতে

জানমোৰ কলিজাৰে

থমকিছে হেঁপাহতে

দুভৰি মোৰ পলকতে

উমলিছে উলাহতে

জানমোৰ কলিজাৰে

থমকিছে হেঁপাহতে

দুভৰি মোৰ পলকতে


সৰু সৰু আঙুলিতে

মৰমৰে বুলনি

এটি দুটি নিচুকনিতে

যায় টোপনি


দুহাতেৰে ললোঁ তুলি

মৰমৰে সাৱটি

হিয়াতে মোৰ আলসুৱা

অকমানি পৃথিৱী

দুহাতেৰে ললোঁ তুলি

মৰমৰে সাৱটি

হিয়াতে মোৰ আলসুৱা

অকমানি পৃথিৱী


মূৰতো নলওঁ তোমাক

উৰি ফুৰে চিলনী

মাটিতো নথওঁ তোমাক

পৰুৱাই খায় কিজানি

বুকুতে ৰাখিমে সোণ

থাকিবা দেই উমলি

লাগিলে দিম জীৱনো

তুমিয়েই শেষ জিৰণি

নেলাগে জোন তৰাৱলী

নেলাগে ধন বিভূতি

কৃপা কৰা প্ৰভু তুমি

দিয়া আমাক শকতি

নেলাগে জোন তৰাৱলী

নেলাগে ধন বিভূতি

কৃপা কৰা প্ৰভু তুমি

দিয়া আমাক শকতি

No comments:

Post a Comment