Assamese Songs Lyrics

A premier Blog for Assamese Songs Lyrics

Saturday, December 15, 2018

SILA | MONTUMONI | ASSAMESE SONGS LYRICS



Song: SILA
Singer: Montumoni Saikia
Music: Dhruv Thakuriya

তুমি মোৰ
বুকুতে গোপনে গোপনে
আহি সোমালাহি
তুমি মোৰ হিয়াতে
কিনো মৰম দিলা ধালি
তুমি মোৰ জান ঐ
কোনে কোনে উৰালে
চিলা খন আজি
কোনে কোনে উৰালে
চিলা খন আজি

তুমি মোৰ বুকুৰ মাজতে ফুলা
উতলা ফাগুনৰ ৰঙা পলাশ
তুমি মোৰ বুকুৰ মাজতে ফুলা
উতলা ফাগুনৰ ৰঙা পলাশ
ৰংগলা এবুকু অনুভূতি
ধালি দিলা
প্ৰেমৰে সুবাস
লাহে লাহে বাঢ়িছে
তোমালৈ জানা মৰমৰে নৈ
তুমি মোৰ জান ঐ

শুকুলা ডাৱৰে ৰ'দালিতে
আকেযেন তোমাৰে ছবিটিকে
শুকুলা ডাৱৰে ৰ'দালিতে
আকেযেন তোমাৰে ছবিটিকে
উৰি যোৱা পখিও থমকি ৰৈ
চুমেহি তোমাৰ দুগালকে
মোৰ মন তোমাকে 
দুবাহুতে সামৰি থবলৈ
তুমি মোৰ
বুকুতে গোপনে গোপনে 
আহি সোমালাহি
তুমি মোৰ
হিয়াতে কিনো মৰম
দিলা ধালি
তুমি মোৰ জান ঐ৷৷৷

No comments:

Post a Comment