Assamese Songs Lyrics

A premier Blog for Assamese Songs Lyrics

Monday, August 12, 2024

Nahiba Ubhoti Lyrics | Tanmoy Saikia & STANNiUM | OLONGKAAR | Assamese Song Lyrics


Audio Credits :

Lyrics/ Composition/ Vocals :- Tanmoy Saikia

Music/ Mixing & Mastering :- STANNiUM Guitars:- Subha Das

নাহিবা উভতি

সময় যাই ৰখে মাথোঁ স্মৃতি বোৰ

আমনি কৰিছে মোৰে দেহা

আশে পাশে মাথোঁ এতিয়া তুমি

ৰঙা চকুত মোৰে নিশা

কিয় কৰি গলা মোক দিশহাৰা

মিচাঁ কথা দি আজৰি আনিছিলা 

মোক প্ৰেমৰ মায়া

এনো নোদোষিবা মোৰ ভালপোৱা

নকৰিবা মিছা অকমান

আজি তুমি কাষত ন’হলে

বাৰে বাৰে হিয়াই উচুপে

কিয় কৰি গলা

কাহিনী আধৰুৱা

নাহিবা উভতি আকৌ এবাৰ

কান্দিব নোৱাৰোঁ প্ৰতি বাৰ

তুমি বিনে থাকিব পাৰিম ময়ো জীয়াই


চিৰ জীৱনৰ কথা দিছিলা

কতে নো হেৰালা তুমি

দিন পোহৰৰে নাই মোৰ খৱৰ

চাৰিওপিনে আছে এন্ধাৰ ৰখি

একুৰা জ্বলন্ত জুই বুকুত জ্বলি উঠিছে

পুৰি নিলে তোমাৰ প্ৰতি থকা মৰম

সান্তনাহিন বুকুত আজি ৰণৰ অনুৰণ

আৰুনো কিমান সহিম আজি হেৰাও নিজক

কিয় কৰি গলা মোক দিশহাৰা

মিচাঁ কথা দি আজৰি আনিছিলা 

মোক প্ৰেমৰ মায়া

এনো নোদোষিবা মোৰ ভালপোৱা

নকৰিবা মিছা অকমান

আজি তুমি কাষত ন’হলে

বাৰে বাৰে হিয়াই উচুপে

কিয় কৰি গলা

কাহিনী আধৰুৱা


নাহিবা উভতি আকৌ এবাৰ

কান্দিব নোৱাৰোঁ প্ৰতি বাৰ

তুমি বিনে থাকিব পাৰিম ময়ো জীয়াই





No comments:

Post a Comment