Assamese Songs Lyrics

A premier Blog for Assamese Songs Lyrics

Showing posts with label Tanmoy Saikia. Show all posts
Showing posts with label Tanmoy Saikia. Show all posts

Monday, August 12, 2024

Nahiba Ubhoti Lyrics | Tanmoy Saikia & STANNiUM | OLONGKAAR | Assamese Song Lyrics


Audio Credits :

Lyrics/ Composition/ Vocals :- Tanmoy Saikia

Music/ Mixing & Mastering :- STANNiUM Guitars:- Subha Das

নাহিবা উভতি

সময় যাই ৰখে মাথোঁ স্মৃতি বোৰ

আমনি কৰিছে মোৰে দেহা

আশে পাশে মাথোঁ এতিয়া তুমি

ৰঙা চকুত মোৰে নিশা

কিয় কৰি গলা মোক দিশহাৰা

মিচাঁ কথা দি আজৰি আনিছিলা 

মোক প্ৰেমৰ মায়া

এনো নোদোষিবা মোৰ ভালপোৱা

নকৰিবা মিছা অকমান

আজি তুমি কাষত ন’হলে

বাৰে বাৰে হিয়াই উচুপে

কিয় কৰি গলা

কাহিনী আধৰুৱা

নাহিবা উভতি আকৌ এবাৰ

কান্দিব নোৱাৰোঁ প্ৰতি বাৰ

তুমি বিনে থাকিব পাৰিম ময়ো জীয়াই


চিৰ জীৱনৰ কথা দিছিলা

কতে নো হেৰালা তুমি

দিন পোহৰৰে নাই মোৰ খৱৰ

চাৰিওপিনে আছে এন্ধাৰ ৰখি

একুৰা জ্বলন্ত জুই বুকুত জ্বলি উঠিছে

পুৰি নিলে তোমাৰ প্ৰতি থকা মৰম

সান্তনাহিন বুকুত আজি ৰণৰ অনুৰণ

আৰুনো কিমান সহিম আজি হেৰাও নিজক

কিয় কৰি গলা মোক দিশহাৰা

মিচাঁ কথা দি আজৰি আনিছিলা 

মোক প্ৰেমৰ মায়া

এনো নোদোষিবা মোৰ ভালপোৱা

নকৰিবা মিছা অকমান

আজি তুমি কাষত ন’হলে

বাৰে বাৰে হিয়াই উচুপে

কিয় কৰি গলা

কাহিনী আধৰুৱা


নাহিবা উভতি আকৌ এবাৰ

কান্দিব নোৱাৰোঁ প্ৰতি বাৰ

তুমি বিনে থাকিব পাৰিম ময়ো জীয়াই





Sunday, August 11, 2024

Odhikar Song Lyrics | Tanmoy Saikia & STANNiUM | OLONGKAAR | Assamese Songs Lyrics

তোমাৰ বাদে দেহা নাই আন কাৰোৰ প্ৰেমৰ অধিকাৰ🌹 Audio Credits : Lyrics/ Composition/ Vocals :- Tanmoy Saikia Music/ Mixing & Mastering :- STANNiUM

 তুমি অহা বাটেৰে গোলাপ ফুলে

তাতে ৰ’দৰ পোহৰ হয় 

মৰমে ৰ’দালি আনে

তুমি অহা বাটেৰে গোলাপ ফুলে

তাতে ৰ’দৰ পোহৰ হয় 

মৰমে ৰ’দালি আনে


যিমান চালেও তোমাক হেঁপাহ নপলাই

কোনেও দিব নোৱাৰে মৰম মোৰ সমান

তোমাৰ বাদে দেহা

নাই আন কাৰো 

প্ৰেমৰ অধিকাৰ 

প্ৰেমৰ অধিকাৰ

প্ৰেমৰ অধিকাৰ

প্ৰেমৰ অধিকাৰ


মৃত্যু যদি আছে লিখা কোনে ৰখাব কোৱা

নিচিন্ত থাকা মই চাই থাকিম তোমাক আকাশৰ পৰা

মৃত্যু যদি আছে লিখা কোনে ৰখাব কোৱা

নিচিন্ত থাকা মই চাই থাকিম তোমাক আকাশৰ পৰা

অজস্ৰ মৰমৰ বিকল্পনো কি ?

আমাৰ দুয়োৰ কাহিনী

অপূৰ্ণ আবেগৰ বেদনাৰ চিঠি ল’বানে তুমি বুটলি?

তোমাৰ বাদে দেহা

নাই আন কাৰো 

প্ৰেমৰ অধিকাৰ

প্ৰেমৰ অধিকাৰ

প্ৰেমৰ অধিকাৰ

প্ৰেমৰ অধিকাৰ

Sunday, June 18, 2023

Moi Tumar | Tanmoy Saikia & Dhruba Basumatary | Assamese Song Lyrics





Written, Composed & Performed by Tanmoy Saikia

Music Arranged & Produced by Dhruba Basumatary 


উন্মনা মোৰ হৃদয়ত

ৰামধেনু হৈ আহা

সাটোৰঙী ৰঙেৰে

বুকুতে বিয়পা

 

অভিমানী ডাৱৰে

কিনো কয় গোপনে

তুমিও শুনা না নীৰৱে

বহেমীয়া মনতে

স্মৃতি বোৰ সাঁচিছো

আঁকোৱালি লোৱা না চৌপাশে

 

প্ৰহেলিকা হৈ

মোৰে কাষলৈ

আহানা এবাৰ

খোঁজে খোঁজে থাকিব মৰম

উশাহ নামিছে

বুকু কঁপিছে

তোমাকে দেখি

দুটি নয়নৰ কি যে সোঁৱৰণ

 

তুমি মোৰ

মই তোমাৰ

এক হৈ ৰম সদায়

তুমি মোৰ

মই তোমাৰ

এক হৈ ৰম সদায়

একাজলী সপোনে

তোমাৰে নাম চিঞৰে

তোমাৰ সমান হব কোন

তুমি জানো বুজানে

 

অবুজন হিয়াতে তোমাৰেই কাহিনী

ভালপাওঁ বুলি এবাৰ কোৱানা

হবানে সাৰথি

সপোনৰে সুৰভি

হাততে হাত ধৰি চোৱানা

 

সপোনতো দিঠকতো

তুমি তুমিয়েই জানা

হেজাৰৰে মাজতে মই

তোমাকে বাছিম চাবা

সপোনতো দিঠকতো

তুমি তুমিয়েই জানা

হেজাৰৰে মাজতে মই

তোমাকে বাছিম চাবা

 

 তুমি মোৰ

মই তোমাৰ

এক হৈ ৰম সদায়

মোৰ শেষ উশাহ

তোমাতেই লিন সদায়

 

জনমে জনমে তুমি

জীৱনে মৰণে তুমি

সাঁচি ৰখা মোৰে পূৰ্ণিমা

উশাহে নিশাহে তুমি

আকাশে বতাহে তুমি

তুমিয়েই আছা

 

জনমে জনমে তুমি

জীৱনে মৰণে তুমি

সাঁচি ৰখা মোৰে কবিতা

উশাহে নিশাহে তুমি

আকাশে বতাহে তুমি

তুমিয়েই আছা